চাপৰ ভোটকেন্দ্ৰত হঠাৎ অসুস্থ প'লিং বিষয়া

 04/23/2019 - 15:35

চাপৰ: চাপৰৰ কলিয়াৰখাল প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত অঘটন। ভোট কেন্দ্ৰটোৰ প'লিং বিষয়াৰ হঠাৎ অসুস্থতাক লৈ কেন্দ্ৰটোত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

প'লিং বিষয়া আব্দুছ শাহেদ সেখৰ অসুস্থতাৰ বাবে সাময়িকভাৱে কিছু সময় ভোটদান প্ৰক্ৰিয়া স্থগিত থাকে যদিও বিষয়াজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাত আকৌ আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়াৰ।

উল্লেখ্য যে উক্ত ভোট কেন্দ্ৰটোত পুৱা প্ৰায় দুই ঘণ্টা সময় ইভিএম বিকল হৈ আছিল।

বিষয়াজনৰ ঘৰ বিলাসীপাৰাৰ পুৰণি বজাৰত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।