লাহৰীঘাটত গোহাঁই উলিওৱা মেলাৰ নামত বৃহৎ জুৱাৰ আড্ডা: তিনি জুৱাৰী গ্ৰেপ্তাৰ

 04/23/2019 - 17:29

লাহৰীঘাট: মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰীঘাটৰ কাঠনীত গোহাঁই উলিওৱা মেলাৰ নামত বৃহৎ জুৱাৰ আড্ডা একাংশ দুষ্টচক্ৰৰ। লাহৰীঘাটৰ কাঠনীৰ গৰম বজাৰত পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এইবাৰো গোহাঁই উলিওৱা মেলা অনুষ্ঠিত হয়।

মেলা উপলক্ষে একাংশ দুষ্ট চক্ৰই বহাই বৃহৎ জুৱাৰ আড্ডা । মেলাত জুৱাৰ আড্ডা চলি থকাৰ খবৰ পাই লাহৰীঘাট আৰক্ষীৰ এটি দলে অভিযান চলাই জুৱাৰ স্থলীৰপৰা তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত জুৱাৰীকেইজন ক্ৰমে জিয়াবুৰ ৰহমান, জাকিৰ হুছেইন আৰু জামিৰুল ইছলাম লগতে জুৱা খেলত ব্যৱহৃত বহু সা-সামগ্ৰী জব্দ কৰি লাহৰীঘাট থানালৈ লৈ আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।