বিষাক্ত চুলাই কাণ্ড, মৃতকৰ সংখ্যা ১১৫ জনলৈ বৃদ্ধি, ২ লাখকৈ দিয়াৰ ঘোষণা হিমন্তৰ

 02/23/2019 - 19:27

গোলাঘাট/যোৰহাটঃ উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ মদৰ ঘাটিত তৈয়াৰ কৰা চুলাই মদ সেৱন কৰি ৪৮ ঘণ্টাৰ ভিতৰত প্ৰায় ১১৫ গৰাকী খাটিখোৱা শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত আছে৷গোলাঘাট-যোৰহাট জিলাৰ শালমাৰা চাহ বাগিচা, তিতাবৰ বৰহোলা, মেৰাপানী, তেলীশাল, যোগীবাৰী, মৰাগাঁও, নগাবাট, ৰাইদাংজুৰী, গোবিণপুৰ, আদৰ্শ গমাৰি আদি গাঁৱত যোৱা ৪৮ ঘণ্টাত সাধাৰণ লোকৰ মৃত্যুৰ কিৰিলি শুনা গৈছে৷উক্ত অঞ্চলত মৰ্মান্তিক পৰিবেশত এটাৰ পিছত এটা মৃতদেহ দাহ কৰা ছবিখনে প্ৰতিগৰাকী লোকক শোক বিহ্বল কৰি তুলিছে৷

এটা এটা মুহূৰ্তৰ মূৰে মূৰে চিকিৎসালয়ৰ পৰা ইজনৰ পিছত সিজন লোকৰ মৃত্যুৰ খবৰ আহিব ধৰিছে৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকৰ মৃত্যুৰ খবৰ যিকোনো মুহূৰ্তত আহিব পাৰে বুলি পৰিয়ালৰ লোকৰ বুকু কঁপি উঠিছে৷ বাগিচাখনৰ লগতে বাগিচাখনৰ ওচৰ-পাজৰৰ কেইবাখনো গাঁৱৰ পুৰুষ-মহিলাই দুদিন পূৰ্বে অবৈধ চুলাই মদৰ ঘাটিৰ পৰা মদ্যপান কৰাৰ ফলত ১১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

বিষাক্ত চুলাই সেৱন কৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা লোকসকলক উন্নত চিকিৎসাৰ বাবে ইচ্ছা কৰিলে দিল্লীৰ এইমছ পৰ্যন্ত নিয়াৰ ব্যৱস্থা কৰি কেইবাগৰাকী লোকৰ জীৱন ৰক্ষা কৰিব পাৰিলহেতেন বুলি ক’ব খুজিছে একাংশ লোকে৷ যোৱা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্য চৰকাৰে অসুস্থ লোকসকলৰ চিকিৎসাৰ বাবে বিহিত ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজি লয়৷

মন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা কৰা হ’ব বুলি কয়৷আনহাতে মন্ত্ৰীগৰাকীয়ে চুলাই সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ সাহয্য দিয়াৰ কথা ঘোষণা কৰে৷বৰ্তমানেও চিকিৎসাধীন হৈ থকা প্ৰায় ২০০গৰাকী অসুস্থ লোকৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আৰু তেজপুৰৰ পৰা চিকিৎসক প্ৰেৰণ কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে মৃত্যু হোৱালোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয়৷উল্লেখ্য যে, বৃহস্পতিবাৰে বিষাক্ত চুলাই মদ সেৱন কৰি বহু লোক হঠাতে অসুস্থ হৈ পৰে৷ চুলাই ইমানে বিষাক্ত আছিল যে কিছু সময়ৰ ভিতৰত প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ লগতে চিকিৎসালয়ত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হ’বলৈ ধৰে৷শুকুৰবাৰে নিশা পৰ্যন্ত প্ৰায় ৬৪ গৰাকী লোকৰ মৃত্যু হৈছিল যদিও মৃত্যুৰ সংখ্যা ১১৫ জনলৈ বৃদ্ধি হয়৷ইজনৰ পিছত সিজন লোক অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে ইজনৰ পিছত সিজন লোকৰ মৃত্যু হ’বলৈ ধৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।