কাঞ্চনবস্তিত হত্যাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ

 04/23/2019 - 17:51

ৰূপহীহাট: চামগুৰিৰ আমনিৰ কাঞ্চনবস্তিত যোৱা ১৯ এপ্ৰিলৰ পুৱা পোহৰলৈ অহা এটা পৰিকল্পিত হত্যাকাণ্ডৰ সৈতে জড়িত দুই মূল অভিযুক্ত সম্প্ৰতি জালত পৰিল চামগুৰি আৰক্ষীৰ। কালি আৰক্ষীয়ে লোমহৰ্ষক হত্যাকাণ্ডটোৰ সৈতে জড়িত দুই মূল অভিযুক্তক কাঞ্চনবস্তিস্থিত নিজ বাসগৃহৰ পৰাই কৰায়ত্ব কৰাৰ পাছতেই ওৰ পৰিল সমগ্ৰ ৰহস্যৰ।

যোৱা ১৮ এপ্ৰিলৰ নিশা আমনিৰ কাঞ্চনবস্তিৰ জিতেন গোৱালা (৪৬) নামৰ লোকজন নিজৰ ঘৰৰ পৰা ককায়েকৰ ঘৰলৈ যোৱাৰ পথত নিৰুদ্দেশ হৈ থকাৰ পিছত পিছদিনা পথৰ কাষত তেজৰ চেকুৰা আৰু সমীপৰে পথাৰৰ এটা পৰিত্যক্ত কুঁৱাৰ কাষত এযোৰ কাপোৰ প্ৰত্যক্ষ কৰি খবৰ দিয়ে চামগুৰি আৰক্ষীক। প্ৰায় পাঁচ ঘণ্টাৰ অন্তত নগাঁৱৰ পৰা অহা এচডিআৰএফ-ৰ সহযোগত আৰক্ষীয়ে কুঁৱাটোৰ পৰা মোনাত ভৰাই থোৱাৰ অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু লগতে মৃত লোকজন স্থানীয় জিতেন গোৱাল বুলি নিশ্চিত হয়।

পৰৱৰ্তী সময়ত মৃতলোকজনৰ পত্নীয়ে এই জঘন্য হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাত চামগুৰি আৰক্ষীৰ এটা দলে তদন্ত আৰম্ভ কৰি কাঞ্চনবস্তিৰ পৰা ৰাজু ঘাটোৱাল আৰু সুনীল ঘাটোৱাল নামৰ দুজন মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইফালে আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়াৰ মতে, পৰিয়ালটোত চলি অহা দীৰ্ঘদিনীয়া পাৰিবাৰিক কণ্ডলৰ পৰিণতিতেই লোকজনক নৃশংস ভাৱে হত্যা কৰিছিল বুলি ইতিমধ্যেই স্বীকাৰো কৰিছে ধৃত দুই মূল অভিযুক্ত ৰাজু আৰু সুনীলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।