আমিনগাঁৱত ভোটদানৰ বাবে ভোটাৰৰ শাৰীত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

 04/23/2019 - 18:05

উত্তৰ গুৱাহাটী: জালুকবাৰী সমষ্টিৰ শৰাইঘাট পঞ্চায়তৰ অধীনৰ আমিনগাঁওৰ বেংগলী হাইস্কুলত ভোটদানৰ বাবে বিয়লি ৩:৪৫ মিনিটত বিজেপি ষ্টাৰ প্ৰচাৰক অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মা উপস্থিত হয়।

হিমন্ত বিশ্ব শৰ্মাৰ ভোটদানৰ বাতৰি সংগ্ৰহ কৰাৰ বাবে ইলেক্ট্ৰ'নিক আৰু ছপা মাধ্যমৰ সংবাদদাতাই পুৱাৰে পৰা আমিনগাঁও বেংগলী হাইস্কুল প্ৰাংগণত ভিৰ কৰে। অৱশেষত বিয়লি ৩:৪৫ ত মন্ত্ৰীগৰাকীয়ে ভোটদানৰ বাবে উপস্থিত হয়।

ইয়াৰ পাছতে সাধাৰণ ভোটাৰৰ লগত শাৰী পাতি তেওঁলোকে ভোটদান সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।