দিছপুৰত পত্নীসহ ভোটদান মনমোহন সিঙৰ

 04/23/2019 - 18:28

গুৱাহাটীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। দুপৰীয়া কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটকেন্দ্ৰটোত পত্নী গুৰুচৰণ কৌৰৰ সৈতে উপস্থিত হৈ প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে ভোটদান কৰে।

বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে দিছপুৰলৈ অহা মনমোহন সিঙক অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই আদৰণি জনায়। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে পুনৰ দিল্লীলৈ উভতে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকী।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।