তামুলপুৰত গছৰ পৰা পৰি বৃদ্ধৰ মৃত্যু

 04/23/2019 - 19:29

তামুলপুৰ: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে তামুলপুৰত সংঘটিত হৈছে অঘটন। বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত ঝাৰগাঁৱৰ এগৰাকী বৃদ্ধ আজি গছৰ পৰা পৰি অকাল মৃত্যুক সাবটিব লগা হয়।

জানিব পৰা মতে আজি পুৱা ৮ মান বজাত ঝাৰগাঁৱৰ গডে ব্ৰহ্ম (৬৫) নামৰ বৃদ্ধগৰাকীয়ে ঘৰৰ পিছফালে থকা এডাল লেচু গছত উঠি গছ ডাল কাটি থকোতে গছৰ পৰা সৰি পৰে।

লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ডাক্তৰে লোকজনক মৃত বুলি ঘোষণা কৰে। বৃদ্ধগৰাকীৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।