কোকৰাঝাৰত নিৰ্বাচনী হিংসাঃ দুস্কৃতিকাৰীৰ অস্ত্ৰৰ আঘাতত আহত ৩

 04/23/2019 - 20:50

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ সদৰ চহৰত সংঘটিত হ’ল নিৰ্বাচনী হিংসা। কোকৰাঝাৰত আজি শান্তিপূৰ্ণভাৱে চলি থকা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে পৰিস্থিতি ৰক্তাক্ত হয়।

ভোটগ্ৰহণৰ মাজতে দুস্কৃতিকাৰীয়ে অস্ত্ৰৰে আঘাত কৰি ৩ জন ব্যক্তিক আহত কৰে। আহত লোককেইজন হৈছে ৰতন বসুমতাৰী, খৌৰমদাও মুছাহাৰী আৰু ধ্ৰুৱজিৎ ব্ৰহ্ম। তদুপৰি দুষ্কৃতিকাৰীয়ে এখন বাহনো ধ্বংস কৰে।

ৰাস্তাৰে আহি থাকোতেই দুস্কৃতিকাৰীয়ে ব্যক্তিকেইজনক আক্ৰনণ কৰে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বৰ্তমান আহতসকলক কোকৰাঝাৰ আৰ এন বি চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।