প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

 04/23/2019 - 20:59

টুকটুকী: যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী কুজীডাঁহৰ প্ৰকৃতিপ্ৰেমী যুৱক হৃদয়ানন্দ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ পক্ষী আজি মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে।

জানিব পৰা মতে কালি নিচেই পুৱা যুৱকজনে ঘৰৰ ওচৰৰে ফালেংবৰি পথাৰত এটি দুস্প্ৰাপ্য বৰটোকোলা চৰাই আঘাতপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ কথাটো এগৰাকী স্থানীয় সংবাদসেৱীক অৱগত কৰে৷

পাছত সাংবাদিকজনৰ পৰা খবৰ পাই প্ৰকৃতিপ্ৰেমী সংগঠন এ উব্লিউ আৰ আৰ অ' (Aassam wildlife rescue and research organization)ৰ সদস্য সুৰঞ্জন দেৱনাথ, বন্যপ্ৰাণী সংৰক্ষন বিভাগৰ প্ৰদীপ বৰা আৰু বিপিন বৰা নামৰ লোক দুজন আহি হৃদয়নন্দ বৰাৰ লগতে প্ৰাণতোষ হাজৰিকা নামৰ আন এজন যুৱকৰ সহায়ত এখন ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পক্ষীটোক পথাৰত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে আৰু তৎপৰতাৰে জিলা পশু চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰে।

কুজীডাঁহৰ যুৱক হৃদয়ানন্দ বৰাৰ এই প্ৰকৃতিপ্ৰেমৰ সকলোৱে শলাগ লৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।