নগাঁৱত কা’ৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ বিশাল গণসমাৱেশ

 01/04/2020 - 17:55

নগাঁওঃ শণিবাৰে পুৱা ১১ বজাৰ পৰা নগাঁও নেহেৰুৱালীত হোৱা কা’ বিৰুদ্ধে বিৰাট প্ৰতিবাদী গণ সমাবেশত হাজাৰ-হাজাৰ লোকৰ অংশগ্ৰহণ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁৱৰ শিল্পী-লেখক-সাংবাদিক সমাজ আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, অনুষ্ঠানৰ উদ্যোগত আয়োজিত গণ সমাবেশলৈ স্বতঃস্ফূৰ্তভাৱে উলাই আহে নগাঁৱৰ ৰাইজ৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখা, ব্যৱসায়ী সন্থা, উকীল সন্থা, জুৱিন ফেন ক্লাবকে আদি কৰি বহু সংঘ-সংস্থাৰ এই সমাবেশত অংশগ্ৰহণ৷

সমাবেশত অংশগ্ৰহণ কৰি শিল্পী সূৰ্য দাস, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সাঃসম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, সাংবাদিক অজিত ভূঞাকে প্ৰমুখ্যে কৰি বিশিষ্ট শিল্পী-সাহিত্যিক,বুদ্ধিজীৱি সকলে উদ্দাত্ত ভাষন প্ৰদান কৰে৷ সকলোৱে একেমুখে কেৱল কাৰ বিৰোধিতা কৰি এই ফেচিবাদী চৰকাৰক সকীয়নি প্ৰদান কৰে এই গণ সমাবেশৰ পৰাই৷ একাংশ সংবাদ প্ৰতিষ্ঠান, সাংবাদিকে ৰাইজৰ পক্ষত থাকি মাত মাতি যোৱাৰ বাবে এই চৰকাৰখনে কৰা দমমুলক নীতিক সমালোচনাৰে থকা-সৰকা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।