বৰপেটাত সেনাৰ দ্বাৰা দুৰ্ঘটনাগ্ৰস্ত বাহন উদ্ধাৰ

 04/24/2019 - 11:54

বৰপেটা: বৰপেটা জিলাৰ গণককুছিৰ অন্তৰ্গত জাট ৰেজিমেন্ট সেনা চাউনিৰ সমীপত এখন হুণ্ডাই ক্ৰেতা গাড়ী খাৱৈত পৰি যায়। সেনা চাউনিৰ সমীপত হোৱাৰ পৰিপেক্ষিতত সেনা জোৱানসকলে অতি তৎপৰতাৰে জেচিবি লগাই গাড়ীখন উদ্ধাৰ কৰে তথা গাড়ীৰ চালকজনক কৌশলেৰে গাড়ীৰ পৰা উলিয়াই আনে।

গণককুছি সেনা চাউনিৰ চুবেদাৰ লায়ক ৰামে সাংবাদিকক জানিবলৈ দিয়া মতে উক্ত দুৰ্ঘটনাত চালক তথা আৰোহীজনক আঘাতপ্ৰাপ্ত নোহোৱাকৈ উদ্ধাৰ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।