বিহালীত কা'ৰ বিৰুদ্ধে আৰ্থ সামাজিক উন্নয়ন সমিতিৰ তীব্ৰ প্ৰতিবাদ

 01/06/2020 - 14:56

বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ, আন্দোলন চলি থকাৰ সমান্তৰালভাৱে বিহালীতো অব্যাহত আছে এই ক'লা আইন খনৰ বিৰুদ্ধে প্ৰতিবাদ। বিহালীত বিজেপি চৰকাৰে অসমীয়া জাতিৰ ওপৰত জোৰজুলুমকৈ জাপি দিয়া জাতিধ্বংসী আইন কা'ৰ বিৰুদ্ধে গৰজি উঠিল ৰাংচালীবাসী ৰাইজ।

ৰাংচালী আৰ্থসামাজিক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কা' বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আঁতধৰে অৱনী হাজৰিকাই। প্ৰতিবাদী ৰাইজে ৰাংচালী ৰঙ্গমঞ্চ প্ৰাংগনত ১১ বজাৰ পৰা ১ বজালৈকে ২ ঘন্টা সময় অৱস্থান কৰি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদী জনতাই বিজেপি চৰকাৰ হুঁচিয়াৰ, কা' আমাক নালাগে, কা' বাতিল কৰক, কা' আমি নামানো, সৰ্বানন্দ সোণোৱাল প্ৰতাৰক, হিমন্ত বিশ্ব শৰ্মা নিপাত যাওঁক, মোদী চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল গ' বেক, অমিত শ্বাহ হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, ৰঞ্জিত দত্ত হুঁচিয়াৰ, ৰঞ্জিত দত্ত গ' বেক, কা' বিৰোধী আন্দোলনত কাৰাৰুদ্ধ হৈ থকা আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল'গানেৰে ৰাংচালীৰ আকাশ বতাহ উত্তাল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, সম্পাদক খগেন মটক, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি কুকিল হাজৰিকা, সাংবাদিক আব্দুল বাৰেক, ভুবন লুইটেল, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ গোপাল উপাধ্যায়, বেদেতী মহিলা সমাজৰ বিউটি নাথ হাজৰিকা, আছুৰ ৰিতু ৰঞ্জন বৰুৱা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিল বনিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভবানন্দ হাজৰিকা, প্ৰাক্তন অগপ নেতা শুকদেৱ বৰুৱাকে ধৰি বহু কেইটা জাতীয় দল-সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহন কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.