পিতৃক হত্যা কৰিলে পুত্রই

 04/24/2019 - 12:28

আমগুৰি: অসম-নগালেণ্ড সীমাৱৰ্তী হালোৱাটিঙত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। হালোৱাটিং বৰছিলা বাগিচাৰ বঙালী নপুখুৰীত সংঘটিত এই হত্যাকাণ্ডৰ ঘটনা।

কুলাংগাৰ পুত্ৰই লাঠীৰে কোবাই হত্যা কৰিলে পিতৃক। বগাই কালাণ্ডী নামৰ ৭০ বছৰীয়া বৃদ্ধজনক পুত্ৰ সুৰেণ কালাণ্ডীয়ে মৰিয়াই হত্যা কৰে।

হালোৱাটিং আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী সুৰেণ কালাণ্ডীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।