বিজনীৰ বিশিষ্ট শিক্ষাবিদ শংকৰ চেটাৰ্জীৰ দেহাৱসান

 04/24/2019 - 12:52

বিজনী: বিজনীৰ বিশিষ্ট শিক্ষাবিদ শংকৰ চেটাৰ্জীৰ দেহাৱসান। শিক্ষাদানৰ লগতে তেওঁ সামাজিকভাৱে যথেষ্ট সক্ৰিয় ব্যক্তি আছিল। বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি তেওঁ সংখ্যালঘুৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰি তেখেতৰ সুমধুৰ কন্ঠৰে ৰাইজক সজাগ কৰিছিল।

তেখেতে বিজনী জিলা সমিতিৰ দ্বাৰা প্ৰকাশিত দুখন স্মৃতিগ্ৰন্থ ক্ৰমে "দুলানী" আৰু "দেউকুৰা"ত গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখি আলোচনীখনৰ গুৰুত্ব বৃদ্ধি কৰি থৈ গৈছে। তেখেতৰ মৃত্যুত বিজনীবাসী ৰাইজ তথা বিভিন্ন সংগঠনৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰে।

লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমাবেদনা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।