উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন

 04/24/2019 - 13:28

উত্তৰ গুৱাহাটী: 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসমৰ ১২৬ টা সমষ্টিত পৃথকে পৃথকে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সাংস্কৃতিক আয়োজনৰ প্ৰথম কাৰ্যসূচী অহা ৩ মে'ত জালুকবাৰী সমষ্টি ভিত্তিত পুৱা ১০ বজাৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।

ইয়াত জালুকবাৰী সমষ্টিৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। অভ্যৰ্থনা সমিতি জালুকবাৰী সমষ্টিৰ সংস্কাৰ ভাৰতী অসমৰ সভাপতি দীপক দাস, সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু সাংস্কৃতিক প্ৰমুখ পিংকুমনি চৌধুৰীয়ে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ৰাইজৰ গঠনমূলক সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

'সংস্কাৰ ভাৰতী অসম'ৰ উদ্যোগত বিগত চৌবিশটা বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া সংস্কৃতিৰ বিশুদ্ধ ৰূপটোৰ সুৰক্ষা আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ উদ্দেশ্যে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি অহা হৈছে। এইবেলি 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষ। সেয়েহে এই বছৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ" শীৰ্ষক এলানি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাত একোটা সমষ্টিৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিটো সমষ্টিৰ পৰা দুটা দলক নিৰ্বাচিত কৰি প্ৰথম জিলা ভিত্তিত পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনি দলক আকৰ্ষণীয় পুৰস্কাৰে পুৰষ্কৃত কৰা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।