লখিমপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

 01/07/2020 - 16:31

লখিমপুৰঃ লখিমপুৰৰ বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ৷ মৃতদেহটো ধলপুৰ কচুৱাৰ নন্দ হাজৰিকাৰ বুলি চিনাক্ত৷ জাগৃতি সন্মিলিত উন্নয়ণ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত নিচাসক্ত নিৰাময় আৰু পুনঃসংস্থাপন কেন্দ্ৰত চিকিৎসাৰ বাবে সোমবাৰে পৰিয়ালৰলোকে ভৰ্ত্তি কৰিছিল নিচাসক্ত যুৱকজনক৷ মঙ্গলবাৰে পুৱা কেন্দ্ৰৰ দেৱাল বগাই পলায়ন কৰিছিল যুৱকজনে৷ এজোপা গছত চীপ লৈ আত্মহত্যা কৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় সমীপৰ পুখুৰীত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।