বাক্সাৰ চুক্ৰুংবাৰীত মানাহৰ পৰা অহা বন্যহস্তীৰ তাণ্ডৱঃ বিস্তীৰ্ণ কৃষিভূমিত ক্ষতিসাধন

 01/08/2020 - 13:54

খাৰিজা বিজনীঃ মানাহৰ কাষৰীয়া বাক্সাৰ চুক্ৰুংবাৰীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ৷ প্ৰতিনিশাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে তহিলং কৰে বিস্তীৰ্ণ কৃষিপথাৰ আৰু আবাসগৃহ৷ একেদৰে যোৱানিশাও বৃহৎ বন্যহস্তীৰ জাক এটাই বাক্সাৰ চুক্ৰুংবাৰীৰ কেইবাটাও আৱাসগৃহ ভাগি পেলোৱাৰ লগতে তহিলং কৰে বিস্তীৰ্ণ অঞ্চলৰ শস্য৷ বন্যহস্তীৰ আক্ৰমণৰ পৰা কেইবাটাও পৰিয়ালৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও বিলাহী, বেঙেনা, বন্ধাকবি আদিকে ধৰি বিভিন্ন ৰবিশস্যৰ বিস্তৰ ক্ষতিসাধন কৰে৷ বন্যহস্তীৰ তাণ্ডৱত দিকবিদিক হেৰুৱাই মূৰে কপালে হাত দিবলৈ বাধ্য হৈছে দুখীয়া কৃষক৷ ৰাইজে মানাহৰ কাহিতামাত থকা বনাঞ্চলিক কাৰ্যালয়ত বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো বৰ্তমানলৈ গা লৰা নাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।