গোসাইগাঁৱত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে ঘৰে ঘৰে বিদ্যুতৰ বিল

 04/24/2019 - 16:06

শ্ৰীৰামপুৰ: সৌভাগ্য আঁচনিৰ বিদ্যুৎ যোগানৰ নামত গোসাইগাঁৱত আজৱ কাণ্ড সংঘটিত হৈছে। বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে ১ নম্বৰ ভোমৰাবিল গাঁৱত আহিলে বিদ্যুতৰ বিল। গোসাইগাঁৱত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। হয় , আপোনাৰ শুনিবলৈ আচহুৱা লাগিলেও গোসাইগাঁৱত এনে ধৰণৰ ঘটনাই সংঘটিত হৈছে। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ ভোমৰাবিল গাওঁত কোনো দিনে বিদ্যুতৰ পোহৰ নেদেখা সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুতৰ সংযোগ হৈছিল।

পিছে গাওঁখনত কোনো এঘৰ লোকেই বৰ্তমানলৈকে সংযোগ লাভ কৰা নাই বিদ্যুতৰ। কিন্তু তাৰ পিছতো ঘৰে ঘৰে ২০০/৩০০ টকাৰ এমাহৰ বিদ্যুতৰ বিল আহে। বিদ্যুৎ সংযোগ নকৰাকৈয়ে বিদ্যুতৰ বিল দেখি এতিয়া হতবাক গাওঁখনৰ লোকসকল। ইফালে গাঁওখনত নাই বিদ্যুতৰ খুটা নাই কোনো তাঁৰ। সৌভাগ্য আঁচনিৰ বিদ্যুৎ যোগানৰ নামত বিনামূলীয়া বিদ্যুতৰ মিটাৰ প্ৰদানৰ নামতো সংঘটিত হৈছে দুৰ্নীতি।

গোসাইগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বহুকেইখন গাওঁত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগৰ কাম চলি আছে আৰু এই কামসমূহৰ ঠিকা লাভ কৰিছে এন এছ ইলেকট্ৰনিক নামৰ এটা সংস্থাই। সংস্থাটোৰ হাবুল নামৰ ঠিকাদাৰজনে প্ৰতিঘৰ লোকৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰি বিদ্যুতৰ মিটাৰ প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ।

ইফালে বিদ্যুৎ সংযোগ নকৰাকৈ আৰু ব্যৱহাৰ নকৰাকৈ বিদ্যুতৰ বিল অহাৰ বাবে ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।