বন্ধ হ’ব আধাৰ কাৰ্ডৰ কামঃ দৰমহা বিচাৰি হাহাকাৰ ৫৫ গৰাকী ছুপাৰভাইজাৰৰ

 04/24/2019 - 16:22

শিলচৰঃ কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশত দেশজুৰি আৰম্ভ হৈছে আধাৰ কাৰ্ড প্রস্তুতৰ কাম৷ কিন্তু কাছাৰ জিলাত আধাৰ কাৰ্ড প্রস্তুতৰ নামত চলিছে চূড়ান্ত ভেকোভাওঁনা।

আধাৰ কাৰ্ড প্রস্তুতৰ কামত নিয়োজিত ৫৫ গৰাকী ছুপাৰভাইজাৰে পাঁচ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ অচিৰেই আধাৰ কাৰ্ড প্রস্তুতৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এসপ্তাহৰ ভিতৰত দৰমহা নাপালে আধাৰ কাৰ্ড প্রস্তুতৰ কাম অহা ১ মে’ৰ পৰা বন্ধ কৰি দিব দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে।

কাছাৰ জিলাত ৫৫গৰাকী ছুপাৰভাইজাৰ নিযুক্তি দিছিল “পাৰিজা এন্টাৰপ্রাইজ” নামৰ দিল্লীৰ এটি সংস্থাই। মাহিলি ১৫ হাজাৰ টকা দৰমহা দিয়াৰ চুক্তিত কাছাৰত ৫৫ গৰাকী ছুপাৰভাইজাৰ নিযুক্তি দিয়া হয়।

২০১৮ বৰ্ষৰ অক্টোবৰ মাহত নিযুক্তি লাভ কৰা এই সকল ছুপাৰভাইজাৰক মাহিলি ১৫ হাজাৰ টকাকৈ দৰমহা আদায় দিয়াৰ কথা আছিল যদিও “পাৰিজা এন্টাৰপ্রাইজ” নামৰ সংস্থাটোৱে কিন্তু দৰমহাৰ সলনি এতিয়া দৈনিক মজুৰি হিচাপেহে টকা দিয়ে বুলি ছুপাৰভাইজাৰসকলে অভিযোগ কৰিছে। অকল ইমানেই নহয়, বিগত পাঁচ মাহ ধৰি এটকাও দৰমহা দিয়া নাই ছুপাৰভাইজাৰসকলক।

অথচ, এনআৰচিৰ ডাটা আপডেট কৰাৰ দৰে গুৰুত্বপূৰ্ণ কামতো যোৱা মাৰ্চ মাহৰ পৰা ব্যৱহাৰ কৰা হৈছে এইসকল কৰ্মচাৰীক। এক সপ্তাহৰ ভিতৰত দৰমহা আদায় নিদিলে অহা পহিলা মে’ৰ পৰা আধাৰ কাৰ্ড প্রস্তুতৰ কাম সম্পূৰ্ণ বন্ধ কৰি দিব বুলি হুংকাৰ দিয়ে ছুপাৰভাইজাৰ চাহিদ আহমেদ মজুমদাৰ আৰু ৰোহন দাসে। কৰ্মচাৰীসকলে উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্রদান কৰি এসপ্তাহৰ সময় বান্ধি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।