মৰিয়নীত ৰে'লৰ খুন্দাত এজনৰ মৃত্যু

 04/24/2019 - 16:39

মৰিয়নী: বুধবাৰে পুৱা মৰিয়নীত ৰে'ল আলিৰ সমীপত এটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত যুৱকজন মৰিয়নী কেঁচাইপতিৰ দেবা ৰজক(২৪) বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে যুৱকজন ৰাতিপুৱা ৰে'ল আলিত বহি আছিল আৰু প্ৰায় ১০ মান বজাত নামনিমুৱা ১৫৯২৮ ৰঙিয়া এক্সপ্ৰেছ খন অহা দেখি ৰে'লখনৰ সন্মুখত যুৱক জনে জাপ মাৰি আত্মহত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উক্ত স্থানত পূৰ্বেও কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।