ঢকুৱাখনাঃ এখন টিঙৰ চালিতে বাস কৰি আহিছে এজন বয়স্ক ব্যক্তি। এই কৰুণ দৃশ্য দেখিলে আপোনাৰো হৃদয় কপিব। ব্যক্তিজন অকলশৰীয়া অন্ধ। কেনেদৰে প্ৰচণ্ড শীতত এখন টিঙৰ চালিৰ তলতে বছৰ বছৰ ধৰি এনেদৰে বসবাস কৰিব লগা হৈছে। সমগ্ৰ সোৱণশিৰিত কাঞ্চা নামেৰে জনাজাত ব্যক্তিজন। বয়স ৭৫ বছৰ মান হ’ব। সততে বাসুদেৱথানলৈ যাওঁতে দেখা যায় এই বিশেষ ব্যক্তিজনক যি জীয়াই থকাৰ তাড়নাত এনেদৰে পাৰ কৰিছে সময়। কোনোৱে ইচ্ছা কৰিলে দুই-এটকা দিয়ে আৰু এনেদৰে সেইকেইটা পইচাই খাই বই জীয়াই থাকে।
ওচৰে পাজৰে স্থানীয় ব্যক্তিয়ে আলপৈচান ধৰাৰ লগতে আহাৰ যোগান ধৰে লগতে যুৱক সংঘই এখনি টিঙৰ চালি নিৰ্মাণ কৰা হৈছে। ব্যক্তিজনৰ প্ৰকৃত নাম চন্দ্ৰ ভাৰতী। ঘৰ নেপালৰ হিৰাপুৰ ৰাজ্যৰ চৰাইৰ গাঁৱৰ। ১৯৬৪ চনতে ১৫ বছৰ বয়সত অসমৰ ঢকুৱাখনালৈ আহি বিভিন্ন ব্যক্তিৰ ঘৰত ম'হ আৰু পশুপালন কৰিছিল। শেষৰফালে শাৰীৰিক অৱনতি হোৱাৰ কাৰণে এনেদৰে থাকিব লগা হৈছে। ব্যক্তি জনে মহিলা সকলৰ অত্যধিক আৱশ্যক মৰাপাটৰ দ্বাৰা তলধৰা, দ্ৰুপদী , তুলঠা ধৰা, নাচনী ৰচী, দুৱা বন্ধা ৰচী ধুনীয়াকৈ বনাই দুপইচা অৰ্জন কৰিছিল। কিন্তু এতিয়া মৰাপাটৰ অভাৱত সেইটো কৰিবলৈ সক্ষম হোৱা নাই। ব্যক্তি জনক কোনো সদাশয় ব্যক্তিয়ে এখন সুন্দৰ চালি, কম্বল, সাজপাৰ, খোৱা খাদ্য নতুবা বৃদ্ধাশ্ৰমৰ সুবিধা কৰি দিব পাৰিলে সকাহ পাব বুলি স্থানীয় ৰাইজৰ মন্তব্য কৰে।