বিজেপি সাংসদৰ কংগ্ৰেছত যোগদান

 04/24/2019 - 16:56

ডিজিটেল ডেস্কঃ বিজেপিত খহনীয়া৷ নিৰ্বাচনৰ মাজতে বিজেপি ত্যাগ কৰি সাংসদ উদিত ৰাজে গেৰুৱা দলটোক দিলে মোক্ষম আঘাত।

বিজেপি সাংসদ উদিত ৰাজৰ কংগ্ৰেছত যোগদান কৰা খবৰটোৱে লাভ কৰিছে এতিয়া সৰ্বত্ৰে চৰ্চা।বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিলে উদিত ৰাজে।

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে সাংসদগৰাকীয়ে৷ ‘উদিত ৰাজৰ আগমণে আমাৰ শক্তি বৃদ্ধি কৰিব’- এই মন্তব্য ৰাহুল গান্ধীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।