ৰাষ্ট্ৰীয় অপেন টাইকোৱানডোত পদক অৰ্জন মানস জ্যোতিৰঃ নিজ বিদ্যালয়ত সম্বৰ্ধনা 

 04/24/2019 - 17:02

উত্তৰ গুৱাহাটীঃ ৰাষ্ট্ৰীয় অপেন টাইকোৱানডোত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ সাফল্য। শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ মানস জ্যোতি বৰুৱা উজলিল সোণ আৰু ৰূপৰ পদকেৰে। যোৱা ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ মহাৰাষ্ট্ৰৰ ঔৰংগাৱদত  অনুষ্ঠিত হৈছিল ১২ সংখ্যক অপেন ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ।

অসম দলক প্ৰতিনিধিত্ব কৰি মানস জ্যোতি বৰুৱাই ৰূপৰ পদক ব্যক্তিগত পুমছে আৰু গ্ৰুপ পুমছেত সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে অসম তথা উত্তৰ গুৱাহাটীক গৌৰবান্বিত কৰে।মানস জ্যোতি বৰুৱা উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ।

আজি নিকেতন প্ৰাংগণত অনুষ্ঠিত এক সভাত উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই খেলুৱৈগৰকীক নিকেতন পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে আচাৰ্য-আচাৰ্যা, ছাত্ৰ-ছাত্ৰীসকলেও খেলুৱৈগৰাকীৰ উৎসাহ বৰ্ধন কৰে। মানসৰ এই সাফল্যত ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা আৰু অভিভাৱক-অভিভাৱিকাসকল উৎফুল্লিত হৈ পৰিছে।

মানস জ্যোতি বৰুৱাই উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমিৰ প্ৰশিক্ষক তথা কামৰূপ জিলা টাইকোৱানডো এছচিয়েচনৰ সভাপতি প্ৰাজ্ঞল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।