যোৰহাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

 01/10/2020 - 14:35

যোৰহাটঃ সাংস্কৃতিক নগৰী যোৰহাটত দিনক দিনে বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা। পুনৰ যোৰহাটত উদ্ধাৰ হ’ল মৃত নৱজাতক। যোৰহাটৰ গড়মুৰৰ ডাম্পিং গ্ৰাউণ্ডত উদ্ধাৰ মৃতদেহটো। কোনো লোকে লোকলজ্জাৰ ভয়ত এনেদৰে নৱজাতকটিক পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। বিগত সময়তো এনেদৰে সেই স্থানত ভালেকেইটা নৱজাতকক পেলাই থৈ গৈছিল। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.