হোজাইত দলবদ্ধ ধৰ্ষণ কিশোৰীকঃ চ'ছিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

 04/24/2019 - 17:25

ডবকাঃ হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত দীঘল জাৰুনী গাঁৱত সংঘটিত হৈছে এক পৈশাচিক ঘটনা৷ এগৰাকী কিশোৰীক অন কেমেৰাত ধৰ্ষণ কৰিলে পাঁচ মানৱৰূপী পিশাচে৷ কেৱল ধৰ্ষণেই নহয়, ধৰ্ষণৰ সমগ্ৰ দৃশ্য ভাইৰেল কৰিলে চ'ছিয়েল মিডিয়াত৷ জানিব পৰা মতে এগৰাকী কিশোৰী নিজ ভিনিহিয়েকৰ লগত গৈছিল আলহী খাবলৈ৷ উভতি আহোতে বাটতে আগচি ধৰে পাঁচটাকৈ নৰাধমে৷

ভিনিহিয়েকক আক্ৰমণ কৰি কিশোৰীগৰাকীক লৈ যায় ঘন জংঘলৰ মাজলৈ৷ তাৰ পাছতে সংঘটিত কৰে এই ভয়ানক কাণ্ড৷ এটাৰ পাছত আনটো নৰপিশাচে কৰি গৈছিল ধৰ্ষণ৷ কেৱল ধৰ্ষনেই নহয়, ধৰ্ষণৰ ভিডিঅ’ও প্ৰস্তুত কৰে পাষণ্ডকেইটাই৷ তাৰ পাছতে সেই দৃশ্যসমূহ এৰি দিয়ে চ’ছিয়েল মিডিয়াত৷ কিশোৰীগৰাকীয়ে কাকুতি-মিনতি কৰিও নিজকে ৰক্ষা কৰিব নোৱাৰিলে নৰপিশাচকেইটাৰ পৰা৷

কিশোৰী আৰু পৰিয়ালে সমগ্ৰ ঘটনা বিৱৰী ডবকা থানাত এজাহাৰ দাখিল কৰাত নৰপিশাচৰ দলটোক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ বাতৰি যুগুত কৰা সময়লৈকে মূল অভিযুক্ত গোলাব হুছেইনসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ অভিযুক্তকেইটাক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছে ডবকাৰ সচেতন মহলে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।