কুখ্যাত চোৰাং গঁড় চিকাৰী দ্বীপেন পেগুক গ্ৰেপ্তাৰ

 04/24/2019 - 17:40

বিশ্বনাথ চাৰিআলিঃ বনবিভাগৰ মূৰৰ কামোৰণি হৈ পৰা কুখ্যাত চোৰাং গঁড় চিকাৰী দ্বীপেন পেগু পৰিছে আৰক্ষীৰ জালত৷ বিশ্বনাথ বন সংমণ্ডলৰ বনৰক্ষী বিষয়া ৰাজু গগৈৰ নেতৃত্বত এটা বনকৰ্মীৰ দল আৰু গহপুৰ আৰক্ষীৰ এছ টি এফৰ যুটিয়া অভিযানত বিশ্বনাথত গ্ৰেপ্তাৰ হয় গহপুৰৰ চোৰাং গড় চিকাৰীজন৷

দ্বীপেন পেগু যোৱা ৮ এপ্ৰিলত গহপুৰৰ লখৰাচাপৰিত উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহৰ হত্যাত অভিযুক্ত আছিল। ১৭ এপ্ৰিলত বনৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা ৩০৩ ৰাইফলটো দ্বীপেন পেগুৰ বুলি তেওঁ বন বিষয়াৰ আগত স্বীকাৰ কৰিছে। যোৱা ১৬ ফেব্ৰুৱাৰীত অগৰাতলিত হত্যা কৰা গঁড়টোৰ হত্যাৰ সৈতেও জড়িত আছিল এই দ্বীপেন পেগু।

দুই বছৰে দ্বীপেন পেগুৱে বনবিভাগৰ চকুত ধূলি দি সাৰি আহিছিল৷ অৱশেষত বুধবাৰে বিশ্বনাথ বন সংমণ্ডলৰ বিষয়া ৰাজু গগৈৰ নেতৃত্বত এই কুখ্যাত গড় চিকাৰী জন গ্ৰেপ্তাৰ হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।