কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

 04/24/2019 - 17:55

কলগাছিয়াঃ এগৰাকী ৭ বছৰীয়া ছাত্ৰীক মটৰ চাইকেলেৰে খুন্দিয়াই আহত কৰা বাইকাৰক আৰক্ষীয়ে এৰি দিয়াক কেন্দ্ৰ কৰি দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি ঘেৰাও কৰিলে বালিকুৰী আৰক্ষী চকী। যোৱা ২২ এপ্ৰিলত বিছমে ৰাব্বিকা নামৰ এগৰাকী ছাত্ৰীক দুজন বাইকাৰে AS 18F 4519 নম্বৰৰ আপাচি মটৰ চাইকেলেৰে খুন্দিয়াই আহত কৰিছিল।

ছাত্ৰীগৰাকী সম্প্ৰতি গুৱাহাটীৰ ৰহমানিয়া হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে। ৰাইজে বাইকাৰ চফিকুল ইছলাম আৰু সদাগৰ আলীক আটক কৰি গতাই দিছিল আৰক্ষীক। কালি আৰক্ষীয়ে বাইকাৰ দুজনক এৰি দিয়াত আজি জনতা পাব্লিক একাডেমিৰ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে বালিকুৰী আৰক্ষী চকী। বাইকাৰ দুজনক পুনৰ গ্ৰেপ্তাৰ নকৰিলে কাইলৈ পুনৰ ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষী চকী ঘেৰাও কৰিব বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।