মানকাচৰত আটক এক ড্ৰাগছ সৰবৰাহকাৰী

 04/24/2019 - 20:10

হাটশিঙিমাৰীঃ দঃশালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত মানকাচৰস্থিত কলেজ নগৰৰ বাসিন্দা ছায়েদ সাহাজাদা হুছেইন নামৰ এজন দীৰ্ঘদিনীয়া ড্ৰাগছ সৰবৰাহকাৰীক মানকাচৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

 জানিব পৰা মতে মানকাচৰ থানাৰ কেছ নং ১৮৬/১৯ ভাৰতীয় দণ্ডবিধি আইনৰ ২২ (চি) এন ডি পি এছৰ অধিনত ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে মানকাচৰ আৰক্ষীয়ে। 

মন কৰিবলগীয়া যে দঃশালমাৰা মানকাচৰৰ আৰক্ষী অধীক্ষক কংকণজ্যেতি শইকীয়াই অতি নিষ্ঠা আৰু সততাৰে কাৰ্য্যভাৰ চলোৱাৰ ফলত জিলাখনৰ মানকাচৰত কেইদিনমান পূৰ্বে নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ উদ্ধাৰ কৰাৰ উপৰি আজি এজন দীৰ্ঘদিনীয়া ড্ৰাগছ  সৰবৰাহকাৰীক আটক কৰি সক্ষম হয়।

লগতে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা অৱলম্বন কৰাৰ ফলত জিলাখনত শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচন সম্পন্ন হয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।