দলগাঁও গ্ৰাম্য উপপথ সংমণ্ডলৰ অধীনত নিম্নমানৰ কাম কৰাৰ অভিযোগ

 04/24/2019 - 20:33

দলগাঁওঃ দৰঙৰ দলগাঁও গ্ৰাম্য উপপথ সংমণ্ডলৰ অধীনত ৰাইজৰ চকুত ধূলি দি একাংশ বিষয়া-কৰ্মচাৰীৰ সহযোগত ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে। নিমতলি-কপাটি গড়কাপ্টানি পথৰ দুই নম্বৰ শিয়ালমাৰী চুকাজানী নৈৰ ওপৰত নিৰ্মিত পকী দলঙৰ পথ নিৰ্মাণত ঠিকাদাৰে সংঘটিত কৰে ব্যাপক দুৰ্নীতি-অনিয়ম।

অধিক মুনাফাৰ আশাত বিভাগীয় প্ৰাককলন উলংঘা কৰি পথত বালি মাটিৰ পৰিৱৰ্তে বোকা মাটি, ৪০ শতাংশ নিম্নমানৰ মেটেল ব্যৱহাৰ কৰি পথ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অৱশেষত স্থানীয় ৰাইজৰ প্ৰবল হেঁচাত কামৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা আৰু মহৰিয়ে স্বীকাৰ কৰে পথ নিৰ্মাণত সংঘটিত অনিয়মৰ কথা।

প্ৰাককলন উলংঘা কৰি অনিয়ম আৰু দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে, সেয়া হ’ব লক্ষনীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।