ডবকাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাঃ পথ অৱৰোধ

 04/25/2019 - 12:20

ডবকা: কালি সন্ধিয়া ডবকাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ৷ ঘটনাৰ বিৱৰণি অনুসৰি ডবকাৰ নগৰৰ ষ্টেট বেংকৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰবেগী এখন টাটা ডিআই গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই তৌফিকা নামৰ এ এছ ০২ এ চি ২৪৫৪ নম্বৰৰ এখন আল্ট্ৰা বাচত খুন্দিয়ায়৷ এই দুৰ্ঘটনাৰ ফলত বাছখনত থকা কেইবাগৰাকী যাত্ৰী আহত হয়৷

প্ৰত্যক্ষদৰ্শী ৰাইজৰ মতে, উক্ত পথছোৱাত এএছ ০৯ এ চি ৩১৭৭ নম্বৰৰ এখন ইটা ভৰ্তি ট্ৰাক যান্ত্ৰিক বিজুতি ঘটি পূৰ্বৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰৈ আছিল৷ এনে সময়ত টাটা ডিআইখনে নগাওঁ অভিমুখে গৈ থকা সময়ত ৰৈ থকা ট্ৰাকখন পাৰ হ'বলৈ লওতে একে দিশেৰে আহি থকা আল্ট্ৰা বাছখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ ফলত গাড়ী দুখন এক দুৰ্ঘটনাত পতিত হয় ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে, ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ অকৰ্মন্যতাৰ বাবেই এইদৰে সঘনাই ডবকাৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত হৈ আছে৷ আজি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ডবকাৰ ৰাইজ ক্ষোভত ফাটি পৰে৷ ৰাইজে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদ কৰি ডবকাৰ ৩৬ নং ৰাস্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পথ অৱৰোধৰ সময়ত ডবকাৰ ৰাজপথত কেইবাশ সৰু-বৰ গাড়ী অৱৰোধ হৈ পৰে৷

পিছত ঘটনাস্থলিত হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত, ডবকাৰ ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মা, হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদী ৰাইজক বুজনি দি পৰিস্থিতি শান্ত কৰে৷ প্ৰতিবাদী ৰাইজে এই দুৰ্ঘটনাৰ বাবে একমুখে ডবকা আৰক্ষীক গৰিহণা দিয়ে৷

ৰাতিপুৱাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বিজুতি ঘটা ইটা ভৰ্তি ট্ৰাক খন আঁতৰাবলৈ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই বিষয়েও ৰাইজে আৰক্ষীক জবাবদিহি কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।