নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সজাগতা সভা-পদযাত্রা সম্পন্ন

 04/25/2019 - 12:43

নগাঁও: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত কালি যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিগেল লিট্ৰাৰেচী ক্লাছৰ সহযোগত পুৱা ১১ বজাত বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়ত্রীসকলৰ লগতে ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ লগতে পেনেল অধিৱক্তাদ্বয় ৰূপালী গোস্বামী আৰু জেছমিন বেগম আৰু বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ বৰাই প্ৰাংগনৰ পৰা যমুনামুখ অঞ্চলেৰে এটি পদযাত্রাত অংশগ্ৰহণ কৰে।

বিয়লি ২ বজাৰ পৰা বিদ্যালয়ৰ সভাগৃহত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ সঞ্চালনাত এখনি সজাগতা সভাও অনুষ্ঠিত হয়। উক্ত সজাগতা সভাখনিত নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্দেশ্যসমূহ আৰু প্ৰাধিকাৰীয়ে বৰ্তমান সমাজত কৰি অহা সমাজৰ দৰিদ্ৰ, নিজ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত- নিপীড়িত, দিব্যাংগ লোকসকলৰ প্ৰতি কৰি অহা উন্নয়নমূলক কামসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।

ছাত্র-ছাত্রীসকলক উদ্দেশ্যি পেনেল অধিবক্তা ৰূপালী গোস্বামীয়ে যৌন নিৰ্যাতন, নাৰী নিৰ্যাতনৰ ওপৰত বহলভাৱে ব্যাখ্যা আগবঢ়োৱাৰ উপৰি পেনেল অধিৱক্তা জেছমিন বেগমে যানবাহন আইন ১৯৮৮ ৰ ওপৰত বহলকৈ ছাত্র-ছাত্রীসকলৰ আগত ব্যাখ্যা আগবঢ়ায়।

বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ বৰাই শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত ন্যায় সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক ক্ৰমে- দ্বীপেন শইকীয়া, পাপুমনি বৰা, বিতোপন কোঁৱৰ, আশ্বাদুল ইছলাম মোল্লা, মিচবা উদ্দিন চৌধুৰী আদি উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।