জেলৰ ভাত খাব নেকি অমিষা পেটেলে!

 02/25/2019 - 18:11

মুম্বাইঃ বলিউডৰ এসময়ৰ অভিনেত্ৰী অমিষা পেটেলৰ নাম সম্প্ৰতি চৰ্চাত আহিছে। কিন্তু কোনো চিনেমাত কৰা অভিনয়ৰ বাবে এই চৰ্চা হোৱা নাই, হৈছে তেওঁৰ ওপৰত জাপি দিয়া এক গোচৰৰ সংক্ৰান্ততহে। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ তিনিজন বন্ধুৰ বিৰুদ্ধে এটা ইভেন্ট কোম্পানীয়ে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি মুখ্য দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু তৰিছে৷

দৰাচলতে মুৰাদাবাদৰ ড্ৰীমভিজন ইভেন্ট মেনেজমেন্টৰ স্বত্বাধিকাৰী পৱন শৰ্মাই এই গোচৰ জাপি দিয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ পৱন শৰ্মাই এই সন্দৰ্ভত কয় যে তেওঁৰ এজন কৰ্মচাৰীৰ বিবাহ অনুষ্ঠানত অভিনেত্ৰীগৰাকীক নাচিবলৈ নিমন্ত্ৰণ কৰিছিল৷ যাৰ বাবদ অভিনেত্ৰীগৰাকীয়ে তেওঁৰপৰা ১১ লাখ টকা লৈ সময়ত অনুষ্ঠানলৈ আহিব নোৱাৰিব বুলি জনালে৷

সেয়ে তেওঁ অভিনেত্ৰীগৰাকীৰপৰা মূলধনৰ উপৰিও আৰু দুই লাখ টকা ঘূৰাই দিয়াৰ দাবী কৰে৷ টকাখিনি ঘূৰাই দিবলৈ কোৱাত অভিনেত্ৰী আমিষাই তেওঁক হত্যা কৰাৰ ভাবুকি দিয়ে৷ শেষত পৱন শৰ্মাই উপায়বিহীন হৈ আদালত কাষ চাপি অমিষা পেটেলৰ লগতে তেওঁৰ সহকৰ্মী অহমদ শ্বৰীফ, সুৰেশ পৰমাৰ আৰু ৰাজকুমাৰ গোস্বামীৰ বিৰুদ্ধে আই পি চিৰ ৪০৬, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰিছে৷ আনহাতে, আদালতে ৪ জন আচামিক ১২ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।