টীয়কঃ টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাক ক’লা পতাকা দেখুৱাই বিপদত পৰিছে আছু যোৰহাট জিলা সমিতিৰ সম্পাদক জিতু নেওগ। সোমবাৰে টীয়কৰ ভগামুখত গণতান্ত্ৰিক ভাবে আছুৱে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিধায়িকা গৰাকীৰ ASO1 DT 7635 নম্বৰৰ স্কৰপিঅ গাড়ী চলাই যোৱা যোৰহাট জিলা অগপৰ সাধাৰণ সম্পাদক বিকাশ শইকীয়াই জিতু নেওগক গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলাই। এই সন্দৰ্ভত জিতু নেওগে ইতিমধ্যে ভগামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত জিতু নেওগে উল্লেখ কৰা অনুসৰি কা বিৰোধী আন্দোলনত সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ বাবে কেইদিনমানৰ পূৰ্বেও তেওঁক বিলাসী গাড়ীত অহা অচিনাক্ত লোকে হত্যাৰ চেষ্টা কৰিছিল। উল্লেখ্যযে বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ স্বামী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ মৃত্যু তিথি আছিল সেয়ে পুৱাই বিধায়িকা গৰাকীয়ে দলীয় কৰ্মীৰ সৈতে ভগামুখত থকা সমাধিস্থললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদেশ্যৰে গৈছিল।