বাঙ্গালিপাৰাত গাওঁ পঞ্চায়তৰ সভাপতিৰ প্ৰশংসনীয় পদক্ষেপ: গাঠিৰ ধন খৰচ কৰি বাহৰ দলং নিৰ্মাণ

 04/25/2019 - 13:05

চাপৰ: ৰাজ্য তথা কেন্দ্ৰত পৰিৱৰ্তনৰ শ্ল’গান দি গাদী দখল কৰা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপে জীয়াতু ভোগাইছে ফলিমাৰী অঞ্চলবাসীক। যুগ যুগ ধৰি ফলিমাৰী দিপৰ বিলৰ ওপৰত এখন দলং নথকাত যমৰ-যাতনাত ভুগিছিল অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও।

কিন্তু সেইয়া লৈ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ অভিযোগ বহুজনৰ। কিন্তু গভীৰ নিদ্ৰামগ্ন উৰ্ধতম জনপ্ৰতিনিধি আৰু চৰকাৰৰ অপেক্ষা নকৰি আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সভাপতি জামাল হকে লৈছে এক আকৰ্ষণীয় পদক্ষেপ।

চৰকাৰে বৰ্তমানলৈকে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তথা সভাপতিসকলক কোনো ধৰণৰ চৰকাৰী আঁচনি মুকলাই দিয়া নাই, যদিও সভাপতিগৰাকীয়ে নিজাববীয়াকৈ ৩০ হাজাৰ টকা ব্যয় কৰি বিলাসীপাৰাৰ নতুন ফলিমাৰী দিপৰ বিলৰ ওপৰেদি মিৰা কুটি গাওঁ সংগলগ্ন প্ৰায় তিনি খন গাওঁৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে যাতায়তৰ সু-ব্যৱস্থাৰ বাবে ৬০ মিটাৰ বাহৰ দলং আজি স্থানীয় ৰাইজ আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলক লগত লৈ শুভ উদ্ধোধন কৰে।

সম্প্ৰতি হকৰ এই প্ৰসংসনীয় পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে বিলাসীপাৰাবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।