গোসাঁইগাঁৱৰ শিমুলটাপুৰৰ পৰা কচুগাওঁলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ কাম অসম্পূৰ্ণ

 04/25/2019 - 13:28

শ্ৰীৰামপুৰ: ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি পথৰ মাজত গাঁতৰ সৃষ্টি হোৱাত ক্ষুন্ন হৈ পৰিছে গোসাঁইগাঁৱৰ ৰাইজ। ফলত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এটা দহক অতিক্ৰম কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ কাম বৰ্তমানলৈও আধৰুৱা হৈ আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ইষ্ট ওৱেষ্ট কৰিডৰ আচঁনিত উত্তৰ পূৰ্বাঞ্চলৰ লগত বহি:ৰাজ্যৰ সংযোগ ৰক্ষাৰ্থে শ্ৰীৰামপুৰৰ পৰা শিলচৰলৈ ৬৭০ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ চলি আছে এটা দহক ধৰি। শ্ৰীৰামপুৰৰ শিমুলটাপুৰৰ পৰা কচুগাওঁ মহামায়া মন্দিৰলৈ ৩০ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ এতিয়ালৈকে অসম্পূৰ্ণ হৈ আছে।

বিশেষকৈ এই ৩০ কিলোমিটাৰ পথছোৱাত দামৰাপাৰা দলঙকে ধৰি বহুকেইখন দলং অদ্যপি নিৰ্মাণ আধৰুৱা হৈ আছে। ফলত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলঙখনৰ নিৰ্মাণ কাৰ্যৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি পথ নিৰ্মাণ কোম্পানীয়ে লেহেমীয়া গতিত কাম কৰি যোৱাত আজিলৈকেও দলঙখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

চৰকাৰে ইয়াৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।