ওদালগুৰিৰ ডিমাকুছিত হাতীৰ আক্ৰমণত নিহত এজন

 04/25/2019 - 13:45

ওৰাং: পুনৰ হাতী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ ললে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত। বুধবাৰে নিশা ৯ মান বজাত জিলাখনৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং চেগুনবাৰীত হাতীৰ আক্ৰমণত নিহত হ'ল ৰাহুল সোণাৰী (১৬) নামৰ ছাত্ৰজন।

জানিব পৰা মতে ৰাহুলে বন্ধুৰ সৈতে বুধবাৰে ননাইকাষৰ বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈ থাকোতে সন্মুখীন হৈছিল এটা বনৰীয়া হাতীৰ। ৰাহুলৰ বন্ধুকেইজন হাতীটো দেখি পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও ৰাহুলক হাতীটোৱে গছকি আক্ৰমণ কৰাত ঘটনাস্থলীতে মৃত্যু হয় ৰাহুলৰ।

আনহাতে আজি পুৱাৰ ভাগতে বন বিভাগে ৰাহুলৰ মৃতদেহ উদ্ধাৰ কৰি ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

এতিয়া এই সমগ্ৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে দীৰ্ঘ দিনৰ অন্তত জিলাখনত পুনৰ হাতীৰ আক্ৰমণৰ ফলত মানুহৰ মৃত্যু হোৱাৰ ঘটনাই ভাৰত-ভূটান অঞ্চলৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।