বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ মুকলি বিহুৰ প্ৰস্তুতি

 04/25/2019 - 14:40

উত্তৰ গুৱাহাটী: বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ উদ্যোগত অহা ২৮ এপ্ৰিল তাৰিখে দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে।

উত্তৰ গুৱাহাটী ৰংমহলৰ লক্ষ্যধৰ চৌধুৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া মুকলি বিহুখনৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ সভাপতি মোহন শইকীয়াই। বন্তি প্ৰজ্বলন কৰিব কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে। মুকলি বিহু লগত সংগতি ৰাখি বৃক্ষৰোপন কাৰ্যসূচীত ভাগ ল'ব তেজপুৰ জিলা কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই।

দিনৰ ১১ বজাত মুকলি বিহুৰ মঞ্চ মুকলি কৰিব কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। আমন্ত্ৰিত আৰু স্থানীয় শিল্পীয়ে পৰিবেশন কৰিবলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানটো সফল কৰি তুলিবলৈ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিতি ক‍ামনা কৰিছে সম্পাদক উৎপল চৌধুৰী আৰু সক্ৰিয় কৰ্মকৰ্তা মুন দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।