আমিনগাঁৱৰ "যুৱ বিকাশ কেন্দ্ৰ"ত ৰঙালী বিহু উদযাপন

 04/25/2019 - 15:05

উত্তৰ গুৱাহাটী: আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি যোৱা ২৪ এপ্ৰিল বুধবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪:৩০ বজালৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ উদযাপন কৰা হয়।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বিহুদলে বিহু নৃত্য, হুচৰি প্ৰদৰ্শন কৰে। কেন্দ্ৰটোৰ শিক্ষাৰ্থীসকলেও গীত মাতৰ অনুষ্ঠান পৰিবেশন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। ইয়াৰ আগেয়ে পুৱা ৰঙালী বিহু উদযাপন সমাৰোহত উপস্থিত থাকি যুৱ বিকাশ কেন্দ্ৰৰ সঞ্চালক ডঃ নিৰ্মল বৰুৱা, সদস্য ডঃ ঈশাংকুৰ শইকীয়া, ওৱাই কে চৌধুৰী, চেঞ্চুৰী চিমেন্ট ইউনিট হেড এন পি সিং উপস্থিত থাকে।

সাংস্কৃতিক সমাৰোহৰ অন্যতম আকৰ্ষণ আছিল প্ৰশিক্ষাৰ্থীসকলে তৈয়াৰ কৰা থলুৱা পোছাকৰ ফেশ্বন শ্ব'।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।