বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰভাবে দেহ দান লক্ষী দেৱীৰ

 04/25/2019 - 15:31

বৰপেটা: বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত কালি মৰণোত্তৰভাবে দেহ দান কৰা হয়৷ বৰপেটা জিলাৰ পাঠশালাৰ বিশিষ্ট মহিলা লক্ষী দেৱীয়ে ২০১৭ বৰ্ষৰ ১৭ এপ্ৰিলত এক ইচ্ছা পত্ৰৰ জৰিয়তে নিজৰ দেহটো চিকিৎসা মহাবিদ্যালয়ত দান কৰিছিল৷

চি পি আই(এম)ৰ আদৰ্শৰে লক্ষী দেৱীয়ে মৃত্যুৰ আগমুহুৰ্তলৈকে অঞ্চলটোত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে কাম-কাজ কৰি আহিছিল৷ সৰবৰহী মহিলাগৰাকীৰ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকে লক্ষী দেৱীৰ মৃতদেহতো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দান কৰে৷

মৃতদেহতো দান কৰাৰ সময়ত লক্ষী দেৱীৰ জ্যেষ্ঠ পুত্ৰ বোৱাৰীৰ লগতে দুগৰাকী কন্যা, আত্মীয় স্বজন আৰু চি পি আই (এম)ৰ নেতা আজিজুৰ ৰহমান আৰু চানমামুদ উপস্থিত থাকে৷ মৃতদেহতো গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ এনাট'মী বিভাগৰ মুৰব্বী অধ্যাপক ডা: জয়শ্ৰী দেৱীয়ে কয় যে, চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহ দান অতিকৈ জৰুৰী৷

লক্ষী দেৱীয়ে যিদৰে দেহ দান কৰিলে তাৰ প্ৰতি অনুপ্ৰাণিত হৈ অইন ব্যক্তিয়েও দেহ দান কৰিব বুলি ডা: জয়শ্ৰী দেৱীয়ে আশা ব্যক্ত কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।