বিপুল চেতিয়া ফুকনলৈ ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

 04/25/2019 - 16:43

গোলাঘাটঃ বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা আগবঢ়োৱা বুলি ঘােষণা কৰে গােলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে।

গােলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে ২০১২ চনৰ পৰা প্ৰদান কৰি আহিছে এই সম্মান। ৫৮সংখ্যক গােলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ ২ মে’ত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠানত এই বঁটা প্রদান কৰা হ’ব শিল্পীগৰাকীক।

গােলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে এই সন্মান প্রদান কৰিব বুলি জানিব পাৰি উৎফুল্লিত হৈছে বিপুল চেতিয়া ফুকন। অৱশ্যে বিহু সন্মিলনসমূহৰ প্রতি আক্ষেপে আছে শিল্পীজনৰ। বহুসংখ্যক ন ন গীত ৰচনা কৰি পৰিৱেশন কৰি আহিছে যদিও তেওঁক প্রদান কৰে মাথো ১০-১৫ হাজাৰহে টকা। ফলত শিল্পীগৰাকীয়ে তেওঁৰ বাদ্যযন্ত্ৰীসকলক মাননি দিবলৈ অসমর্থ হয়।

চৰকাৰৰ প্রতি ক্ষোভ প্রকাশ কৰি কয় ৬৪ বছৰ বয়সতাে তেওঁ লাভ নকৰিলে শিল্পী পেন্সন। পূর্বে শিল্পী খগেন মহন্ত বঁটা লাভ কৰা বিপুল চেতিয়া ফুকনে আজিও একেবাৰে সাধাৰণ জীৱন যাপন কৰি আহিছে। চাইকেলখনেই একমাত্র সম্বল শিল্পী বিপুল চেতিয়া ফুকনৰ।

চাইকেলখনকে লৈ জন্মস্থান গােলাঘাট জিলাৰ খুমটাই চংকলা গাঁৱত ঘূৰি ফুৰে এই শিল্পীজনে। মাটিৰ মানুহৰ গীত গােৱা শিল্পী বিপুল চেতিয়া ফুকনক ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা প্ৰদান কৰিবলৈ পাই গৌৰৱান্বিত গােলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।