গোৰেশ্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিহুৰ আয়োজন

 04/25/2019 - 17:33

গোৰেশ্বৰ: গোৰেশ্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহুৰ আয়োজন কৰিছে গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে। আজি ১১ ব'হাগত পুৱা ৯ বজাত ৫৪ খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি সোনবৰ বৰুৱাই।

ইয়াৰ পিছতে স্মৃতি তৰ্পন, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সন্ধিয়া সৰু বিহুৱতী আৰু বিহুসুৰীয়া গীতেৰে আৰম্ভ হ'ব আজিৰ অনুষ্ঠান। ১২ ব'হাগৰ পুৱা ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ব অনুষ্ঠান। শুভ উদ্বোধন কৰিব সমাজকৰ্মী সুৰেণ বড়োয়ে।

লগতে ৩ বজাৰ পৰা আৰম্ভ হ'ব মুকলি বিহু আৰু হুঁচৰি প্ৰতিযোগিতা। এই মুকলি বিহু উদ্বোধন কৰিব বি.টি.চি.ৰ (ই. এম.) গনেশ কছাৰীয়ে। লগতে মুকলি বিহুৰ মাজতে উন্মোচন কৰিব স্মৰণিকা গামখাৰু।

১৩ ব'হাগত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ সংগীতানুষ্ঠানেৰে সামৰণি হ'ব এই অনুষ্ঠানৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।