আকাশত কলা ধোঁৱা, কিহৰ বাবে অগ্নিকুণ্ডত পৰিণত হ’ল সূৰ্য উঠাদেশ ‘অৰুণাচল’!

 02/25/2019 - 19:09

ইটানগৰঃ অগ্নিকুণ্ডত পৰিণত হৈছে সূৰ্য উঠাদেশ অৰুণাচল৷ অৰুণাচলৰ আকাশ এতিয়া কলা ধোঁৱাই ছানি ধৰিছে৷ চৌদিশে ক্ষোভিত জনতাৰ আক্ৰোশৰ বলি হৈছে মানুহ-অনুষ্ঠান-প্ৰতিষ্ঠান৷ ৰাজপথত উত্তেজিত জনতাই জ্বলাই দিছে ইখনৰ পিছত সিখন বাহন৷ মুঠৰ ওপৰত অৰুণাচল এতিয়া জ্বলিছে৷ শান্ত প্ৰকৃতিৰ ৰাণী অৰুণাচলৰ ৰাজপথত এতিয়া সেনা-অৰ্ধসামৰিক বাহিনীয়ে তহল দিয়াৰ লগতে গোমা পৰিবেশে বিৰাজ কৰিছে৷ দেশ স্বাধীন হোৱাৰ পিছৰে পৰা অৰুণাচল প্ৰদেশত নিগাজীকৈ বসবাস কৰি থকা ৬ জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিবলৈ বিজেপি নেতৃত্বাধীন অৰুণাচল চৰকাৰে যোজা চলোৱাৰ সময়তে অৰুণাচলৰ অইন থলুৱা জনগোষ্ঠীসমূহৰ লোকসকলে জাঙুৰ খাই উঠে৷

চৰকাৰৰ বিধানসভাত এখন বিধেয়ক গৃহিত কৰি অসমৰ তথা অৰুণাচলত নিগাজীকৈ বসবাস কৰি থকা ৬ জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে৷ প্ৰথমে ৰাইজে চৰকাৰক তেনে নকৰিবলৈ সতৰ্ক কৰি দিছিল৷ চৰকাৰে জনগণৰ আহ্বানক গুৰুত্ব প্ৰদান নকৰাত হিতে বিপৰীত হোৱাৰ আশংকা কৰাৰ দৰেই হিংসুক প্ৰতিবাদত কেইটামান মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অৰুণাচল অগ্নিকুণ্ডত পৰিণত হয়৷ চৰকাৰে ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত প্ৰথমে গণতান্ত্ৰিকভাবে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে অৰুণাচলবাসীয়ে৷ ক্ৰমান্বয়ে ৰাইজ ক্ষোভিত হৈ পৰিছিল আৰু ৰাজপথত প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত হিংসাত্মক ৰূপ ধাৰণ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে৷

প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ, লাঠি চালনা, ৰবৰৰ গুলী নিক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীবৰ্ষণ কৰাত দুদিন পূৰ্বে ২গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী প্ৰতিবাদকাৰী-নিৰাপত্তাৰক্ষী গুৰুতৰ ভাবে আহত হয়৷ দুই প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিছতে প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে৷ তাৰ পিছতে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ কৰাৰ লগতে ৰাজপথত চলাচল কৰা যান-বাহনত পুনৰ আক্ৰমণ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শ্বপিংমল, মুখ্য-মন্ত্ৰীৰ আবাসগৃহ আক্ৰমণৰ লক্ষ্য হৈ পৰে প্ৰতিবাদকাৰীৰ৷ প্ৰতিবাদকাৰীসকল উগ্ৰমূৰ্তি ধাৰণ কৰি অৰুণাচলৰ অন্যতম প্ৰাণ কেন্দ্ৰ ইএছএছ চেক্টৰস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পিতৃগৃহত আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে গুলীবৰ্ষণ কৰাত প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷

মুখ্যমন্ত্ৰীৰ আবাসত আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়তে প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীবৰ্ষণ কৰাৰ ফলতেই প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ কন্দুৱা গেছ, ৰবৰৰ গুলী, শূন্যলৈ গুলীচালনা কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ আবাসৰ পৰা প্ৰতিবাদকাৰীসকল আতৰি নগৈ শিলাবৰ্ষণ কৰিবলৈ ধৰে৷ ফলত পৰিস্থিতি অধিক অৱনমিত হয়৷ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিনৰ বাসগৃহত আক্ৰমণ কৰাৰ লগতে অগ্নিনিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে৷ অগ্নিনিক্ষেপ কৰাৰ ফলত উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়৷ ইটানগৰৰ উপায়ুক্ত আৰু স্থানীয় কেইবাখনো চহৰৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু শ্বপিংমলত অগ্নিসংযোগ কৰি ক্ষতিসাধন কৰে৷ ইটানগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত ৰখাই থোৱা কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ ফলত বাহন সমূহ জুইত জাহ যায়৷ ইটানগৰ আৰক্ষী থানা আৰু চহৰৰ বৃহৎ শ্বপিংমলত অগ্নিসংযোগ কৰে৷ নাহৰলগুনৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী লুটি নিয়া বুলিও প্ৰশাসনে জানিবলৈ দিয়ে৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে অত্যন্ত চেষ্টা কৰিছিল যদিও সমগ্ৰ ৰাজ্যখন জ্বলি উঠাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা পৰিবেশ গঢ়ি নুঠাৰ ফলতেই ব্যাপক হাৰত জীৱন আৰু সম্পত্তিৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে৷ আনহাতে ২০-২৪ বছৰীয়া দুগৰাকী যুৱকৰ মৃত্যুৰ পিছতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পদত্যাগ দাবী কৰি পদত্যাগ নকৰা পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ কথা ঘোষণা কৰে৷ দুয়ো যুৱকৰ মৃতদেহ অৰুণাচলৰ ঐতিহাসিক আইজি পাৰ্কত থৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে৷ সেই সময়ত আইজি পাৰ্কৰ সমীপত ৰখাই থোৱা কেইবাখনো বাহন পথৰ পৰা বগৰাই দিয়ে প্ৰতিবাদকাৰীয়ে৷ ইমানে নহয় অৰ্ধসামৰিক বাহিনীৰ বাহনো প্ৰতিবাদকাৰীয়ে ৰাজপথৰ দাঁতিৰ পৰা বগৰাই দিয়ে৷ যেতিয়ালৈকে প্ৰতিবাদকাৰীৰ দাবী মানি নলয় তেতিয়ালৈ আইজি পাৰ্কত ৰাখি থোৱা প্ৰতিবাদকাৰীৰ মৃতদেহ সমাধি নকৰাৰ হুংকাৰ দিয়ে৷ নামচাই-চাংলাই জিলাত বসবাস কৰি থকা অৰুণাচলৰ অনুসূচিত জনজাতিৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ কিন্তু শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি জনগোষ্ঠীকেইটাক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰি কোনো কালেই এই সিদ্ধান্ত গৃহিত কৰাৰ ব্যৱস্থা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰে ৰাইজক অৱগত কৰে৷

প্ৰতিবাদকাৰীয়ে পিআৰচি বিষয়ৰ স্থায়ী সমাধান, মুখ্যমন্ত্ৰীৰ পদত্যাগ, গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীক শীঘ্ৰে মোকলাই দিয়া, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব আৰু অন্যান্য দোষী বিষয়াক শাস্তিমূলক বদলি কৰাৰ দাবী জনায় দাবী মানি নোলোৱা পৰ্যন্ত আকোৰগোজ হৈ আছে প্ৰতিবাদকাৰীসকল৷ অৰুণাচলৰ বৃহৎ জনগোষ্ঠী নিচি জনগোষ্ঠীৰ সংগঠন নিচি এলিড চ’ছাইটিয়ে ৰাইজক ক্ষান্ত হ’বলৈ বাৰে বাৰে আহ্বান জনাই আহিছে যদিও হিংসা বৃদ্ধিহে হৈ আহিছে৷ যোৱা ২১ আৰু ২২ ফেব্ৰুৱাৰীত নিচি এলিড চ’ছাইটিয়ে প্ৰথমে বন্ধ ঘোষণা কৰি পিআৰচি দিয়াৰ বিৰোধিতা কৰিছিল৷ কিন্তু ৰাইজৰ এই দাবীক বুজিবলৈ চেষ্টা কৰা নাছিল শাসকপক্ষই৷ প্ৰথমে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত ৰাইজ অধিক উত্তেজিত হৈ পৰে৷ কিন্তু নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ পিছৰে পৰা প্ৰতিবাদকাৰী অধিক উত্তেজিত হৈ পৰে আৰু ৰাজহুৱা সম্পত্তি ক্ষতি সাধন কৰিবলৈ ধৰে৷ নাহৰলগুন আৰু ইটানগৰত শনিবাৰৰ দিনটোত প্ৰতিবাদৰাকীয়ে শিলাবৰ্ষণ কৰাৰ ফলত নিৰাপত্তাৰক্ষী সহিতে ৪৫গৰাকী লোক আহত হয়৷

ফলত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰে৷ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়৷ চহৰৰ দোকান, বজাৰ, পেট্ৰল ডিপো, এটিএম আদি যোৱা ৭০ ঘণ্টা ধৰি বন্ধ হৈ থকাত জনতাই হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এতিয়ালৈকে নিৰাপত্তাৰক্ষীৰ লগতে ১৫০ খন বাহন জুইত জাহ গৈছে৷ ইটানগৰৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত চলি থকা আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ মঞ্চত আক্ৰমণ কৰাৰ ফলত চৰকাৰে সকলো কাৰ্যসূচী বাতিল কৰিব লগা হয়৷ নাগালেণ্ড আৰু অসমৰ শিল্পীদলক আক্ৰমণ কৰাৰ লগতে বাহনত অগ্নিসংযোগ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে শিল্পী সমাজৰ৷নামচাই আৰু চাংলাঙত বসবাস কৰি থকা ৬ জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে এখন বিধেয়ক শনিবাৰে বিধান সভাত উত্থাপন কৰাৰ কথা আছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে পৰিস্থিতিৰ বুজ লৈ অৰুণাচলবাসীক ক্ষান্ত হ’বলৈ আহ্বান জনাই ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ ১০০০ জোৱান মোতায়ান কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে৷ গৃহমন্ত্ৰী সিঙে মুখ্যমন্ত্ৰী পেমাৰ সৈতেও বাৰ্তালাপ কৰে৷ অসমৰ সৈতে সম্পৰ্ক থকা কেইবাটাও জনগোষ্ঠী যেনে দেউৰী, সোণোৱাল কছাৰী, মৰাণ, আদিবাসী, গোৰ্খা, মিচিঙসকলক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটৰ স্বাৰ্থত স্থায়ী প্ৰমাণ পত্ৰ দিবলৈ অৰুণাচল চৰকাৰে ব্যৱস্থা কৰাৰ ফলতে অৰুণাচলৰ মূ বাসিন্দাসকল উত্তেজিত হৈ পৰাৰ লগতে প্ৰথমে গণতান্ত্ৰিক প্ৰতিবাদ আৰু পিছত প্ৰতিবাদে হিংসাত্মক হৈ পৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।