নগাঁৱৰ ৰূপহীহাটত হৰিণা পহু উদ্ধাৰ

 04/25/2019 - 17:42

জুৰীয়া: নগাঁৱৰ ৰূপহীহাটৰ জিউমাৰী গাঁৱত এটা হৰিণা পহু উদ্ধাৰ কৰা হৈছে। হৰিণা পহু উদ্ধাৰক লৈ ৰাইজৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি হৈছে। খাদ্যৰ সন্ধানত নিশা লাওখোৱা অভয়াৰণ্যলৈ ওলাই আহিছিল হৰিণা পহুটো।

প্ৰথমে ৰূপহীহাটৰ ৰবঘাট গাওঁত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে হৰিণা পহুটো। পিছত স্থানীয় ৰাইজে হৰিণা পহুটো উদ্ধাৰ কৰিবলৈ মাৰাথন চেষ্টা চলায় যদিও হৰিণা পহুটো জিওমাৰি গাওঁলৈ দৌৰি আহে।

তাতেই একাংশ সচেতন যুৱকে হৰিণা পহুটো নিৰাপদে উদ্ধাৰ কৰি স্থানীয় বন বিভাগৰ লোকক খবৰ দি বন বিভাগৰ লোকৰ হাতত চমজাই দিয়ে হৰিণা পহুটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।