ধুবুৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড: ৯০০ টকাৰ বাবে হত্যা কৰিলে বন্ধুক

 04/25/2019 - 18:43

চাপৰ: ধুবুৰী জিলাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ কাকৰিপৰা অঞ্চলত বুধবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ মাত্ৰ ৯০০ টকাৰ বাবেই হত্যা কৰে বন্ধুক৷

ঘটনাৰ বিৱৰণী অনুসৰি, কাকৰিপৰা গাঁৱৰ আলম মণ্ডলে তেওঁৰ বন্ধু বাসমুৰা গাঁৱৰ ছবিয়াল হক আৰু মালু শেখৰ সৈতে দীৰ্ঘদিনৰে পৰা গুৱাহাটীত দিন হাজিৰাৰ কাম কৰিছিল৷ তেনে সময়তে ছবিয়ালে আলমৰ পৰা ৯০০ টকা ধাৰে লয়৷ ইপিনে নিৰ্বাচনৰ সময়ত ভোট দিয়াৰ বাবে তিনি বন্ধু ঘৰলৈ আহে৷

তিনি বন্ধুৱে বুধবাৰে লেনদেনৰ হিচাপ নিকাচ কৰাৰ পাচতে আলমে ছবিয়ালৰ পৰা পাবলগীয়া ৯০০ টকা বিচাৰে৷ ইয়াৰ পাচতেই প্ৰতিশোধ ল’বলৈ ছবিয়ালে আলমক কাষৰীয়া জিনজিৰাম নৈৰ পাৰৰ ধান খেতিত হত্যা কৰি নৈত মৃতদেহ পেলাই দিয়ে৷

ইপিনে নিশা আলমৰ মৃতদেহ মাছমৰীয়াৰ জালত উঠাৰ পাচতে হুৱা দুৱাৰ সৃষ্টি হয়৷ মৃতদেহ চিনাক্ত হোৱাৰ পাচতেই হত্যাকাৰী ছবিয়ালৰ লগতে মালু শেখক ৰাইজে আটক কৰি উত্তম-মধ্যম সোধায়৷

পৰৱৰ্তী সময়ত হত্যাকাৰী ছবিয়ালে আলমক কেনেকৈ হত্যা কৰে সেই কথা নিজেই ৰাইজৰ আগত স্বীকাৰ কৰে৷ ইয়াৰ পাচতে স্থানীয় ফুলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আলমৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰীক নিজৰ জিম্মালৈ নিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।