দালালসহ পাঁচগৰাকী ৰহিংগীয়া মহিলাক গ্রেপ্তাৰ

 04/25/2019 - 18:49

ডিজিটেল ডেস্কঃ অসমত প্ৰৱেশৰ চেষ্টা চলােৱাৰ সময়তে ত্ৰিপুৰাৰ চুৰাইবাৰীত গ্রেপ্তাৰ হ'ল পাচগৰাকীকৈ ৰহিংগীয়া মহিলা। অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী তালাচী গে'টত আৰক্ষীয়ে শ্যামল মিঞা নামৰ এটা দালালৰ লগতে পাঁচগৰাকী ৰহিংগীয়া মহিলাক গ্রেপ্তাৰ কৰে।

আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা অনুসৰি এই পাঁচগৰাকী মহিলাই ত্ৰিপুৰা সীমান্তৰে অসমৰ কৰিমগঞ্জ জিলাত প্ৰৱেশৰ বাবে আহিছিল। ইয়াৰ বাবে দালাল শ্যামল মিঞাই এই পাঁচগৰাকী মহিলাৰ প্রত্যেকৰে পৰা সংগ্ৰহ কৰিছিল ছহেজাৰকৈ টকা। এই ধনৰ বিনিময়ত দালালটোৱে মহিলা পাঁচগৰাকীক কৰিমগঞ্জ জিলাত আশ্রয় দিয়াৰ প্রতিশ্রুতি দিছিল।

এই উদ্দেশ্যে টি আৰ-০১ এ কে-০২১১ নম্বৰৰ এখন গাড়ীৰে দালালটোৰ সৈতে আহি থকা অৱস্থাতে অসম-ত্রিপুৰা সীমান্তৰ চুৰাইবাৰীত আৰক্ষীয়ে ৰহিংগীয়া মহিলা পাঁচগৰাকীক গ্রেপ্তাৰ কৰে। আৰক্ষীৰ জালত পৰা ৰহিংগীয়া মহিলাকেইগৰাকী ক্রমে জন্নত, আবিজা, ছালেহা, ৰেবিকা আৰু ৰাছিদা বুলি জানিব পৰা গৈছে। আটাইকেইগৰাকী ৰহিংগীয়া মহিলাৰ ঘৰ ম্যানমাৰত আৰু তেওঁলােকে কোনাে নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ এক সূত্রত প্রকাশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।