ভাৰতত নিষেধাজ্ঞাৰ পৰিণামঃ দৈনিক পাঁচ লাখ ডলাৰৰ লােকচানৰ সন্মুখীন টিকটক

 04/25/2019 - 19:53

নতুন দিল্লীঃ ভাৰতত টিকটক নিষিদ্ধ হােৱাৰ ফলত দৈনিক প্রায় পাঁচ লাখ ডলাৰ লােকচানৰ সন্মুখীন জনপ্রিয় এপ্লিকেচনটোৰ স্বত্বাধিকাৰী চীনৰ বেইজিং বাইটেডান্স টেকন’লজি কোম্পানী।

ইয়াৰ ফলত প্রতিষ্ঠানটোত কৰ্মৰত ২৫০ গৰাকী কর্মচাৰীৰ চাকৰিৰ প্রতিও সংকট নামি অহা বুলি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ভাৰতত প্রায় ৩০০ নিযুত ব্যৱহাৰকাৰী থকা টিকটকৰ পিতৃ প্রতিষ্ঠান বাইটেডান্স টেকন’লজিৰ অন্যতম বিনিয়ােগকাৰী হৈছে জাপানৰ ছফ্টবেংক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।