কৰ’ণা ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ জিলাখনৰ বিভিন্ন ঠাইত সজাগতা মূলক প্ৰচাৰ

 03/18/2020 - 20:49

ধেমাজিঃ সমগ্ৰ বিশ্বতেই কৰ’ণা ভাইৰাছে সৃষ্টি কৰা COVID-19 ৰোগে বৰ্তমানলৈকে ১,৬৫,৯৩০জন লোকক আক্ৰান্ত কৰাৰ বিপৰীতে ৬৪২২জন লোকক প্ৰাণ লোৱাৰ সময়তে বুধবাৰে কৰ’ণা ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন ঠাইত সজাগতা মূলক প্ৰচাৰ অভিযান চলায়। সন্থাৰ ধেমাজি জিলা সমিতিৰ সহ-সাধাৰণ সম্পাদক লাচিত দাস, উপ সভাপতি সুভাষ দাস, লোচন দাস, গোগামুখ আঞ্চলিক সমিতিৰ বৃত্ত সম্পাদক বাসুদেব দাসৰ নেতৃত্বত যোৱা সজাতি দলটোৱে পুৱাৰে পৰাই জিলাখনৰ অতি ভিতৰুৱা অঞ্চল খনা কৃষ্ণপুৰত ২ খন, ভূমা পদ্মপুৰ, ভূমা দলনি, গেজিং মাজ গাওঁৱত একোখনকৈ সভা অনুষ্ঠিত কৰে।

আটাইকেইখন সভাতেই গোগামুখৰ অন্যতম হোমিঅ’পেথিক চিকিৎসা প্ৰতিষ্ঠান ডা০ হৰিচ হোমিঅপেথিক আৰু ফিজিঅ’থেৰাপি ক্লিনিকৰ চিকিৎসক তথা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা ডাক্তৰ হৰিকান্ত দাসে অংশগ্ৰহণ কৰি গ্ৰামাঞ্চলৰ লোকসকলক কৰ’ণা ভাইৰাছে সৃষ্টি কৰা COVID-19 ৰোগ বিধৰ বিষয়ে বিষদ ভাবে বুজাই দিয়ে। লগতে এই কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে লব লগা সাৱধানতাৰ বিষয়েও ৰাইজক বুজাই দিয়ে। তেখেঁতে বিশ্ব স্বাস্থ্য সন্থা (WHO)নিৰ্দ্দেশনা দিয়া হাত ধুৱাৰ পদ্ধতিও ৰাইজক প্ৰদৰ্শন কৰে। সভাৰ শেষত ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ভাৰত চৰকাৰৰ অয়ুচ(AYUSH) মন্ত্ৰালয়ে উপদেশ দিয়া কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধী আৰ্চেনিক এলবাম(Arsenic Album) নামৰ হোমিঅপেথিক মেডিচিনটো বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।