হাটশিঙিমাৰীত অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ

 04/25/2019 - 20:25

হাটশিঙিমাৰীঃ দঃশালমাৰা আৰক্ষীয়ে তীব্ৰ অভিযান চলাই হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ কানাইমাৰা গাঁৱৰ পৰা যোৱা নিশা এজন অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিব দিয়া মতে, গ্ৰেপ্তাৰ বাংলাদেশীজন বাংলাদেশ কুৰি গ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত ইটালুকান্দা গাঁৱৰ ছালাম হকৰ পুত্ৰ ছাইজুদ্দিন শেখ।

গ্ৰেপ্তাৰ হোৱা বাংলাদেশীজন ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ ৰাস্তাৰ এটা চুঙিৰ তলেৰে ভাৰতত প্ৰৱেশ কৰি কানাইমাৰা গাঁৱৰ আঃ আজিছৰ পুত্ৰ আনোৱাৰ হুছেইনৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত দঃশালমাৰাৰ খাৰুৱা বান্ধা আউট পোষ্টৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বাংলাদেশী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা বাংলাদেশীজনে ভাৰতত ফুৰিবলৈ অহা বুলি স্বীকাৰ কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।