ডবকাৰ গণধৰ্ষণ কাণ্ডঃ  ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত হোজাই জিলা আমছু, হোজাই জিলা আছুৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান

 04/25/2019 - 20:52

ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলজাৰুণী গাঁৱত সংঘটিত গণধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ এই ঘটনাক লৈ সৰৱ হৈ পৰিছে হোজাই জিলা আছু আৰু আমছু ৷

আজি ধৰ্ষণকাৰীক ফাঁচীৰ দাবী হোজাই জিলা আমছুৱে ডবকা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমছুৰ সমন্তৰালকৈ সদৌ হোজাই জিলা ছাত্ৰ সন্থা আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাই হোজাইৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে৷ বাতৰি অনুসৰি আজি দিনৰ ১০ মান বজাত হোজাই জিলা আছু আৰু ডবকা আঞ্চলিক আছুৰ এটি সজাতি দলে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ জৰিয়তে হোজাইৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷

ডবকা আঞ্চলিক আছুৰ সভাপতি আৰু সাঃ সম্পাদকৰ স্বাক্ষৰিত স্মাৰক পত্ৰ খনত তেওঁলোকে ঘটনাটোৰ লগত জড়িত থকা আন দুজন অভিযুক্তকো অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে৷ লগতে ভুক্তভোগীয়ে ন্যায় পোৱাৰ স্বাৰ্থত গোচৰটো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰো দাবী উত্থাপন কৰে৷ একে দাবীৰে ডবকা আছুৱেও ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শকৰ জৰিয়তে হোজাই আৰক্ষী অধীক্ষকলৈকো আন এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷

আছুৰ সমান্তৰালকৈ হোজাই জিলা আমছুৱেওঁ ধৰ্ষণকাৰীক ফাচীৰ দাবী তুলি ডবকা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আমছুৰ অৰ্ধশতাধিক কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ ধৰ্ষণকাৰীক ফাচী দিয়ক, নিৰ্যাতিতাক ন্যায় দিয়ক আদি ধ্বনি দি ডবকা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পাছত প্ৰতিবাদস্থলিত ডবকা ৰাজহ চক্ৰ বিষয়া অনূশূয়া শৰ্মা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ হোজাই জিলা আমছুৱে ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে হোজাইৰ উপায়ুক্তলৈ আৰু ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শকৰ জৰিয়তে হোজাইৰ আৰক্ষী অধীক্ষকলৈ পৃথকে পৃথকে দুখন স্মাৰক পত্ৰ দিয়ে ৷

আমছুৰ হোজাই জিলা সমিতিৰ সভাপতি ফাহিম ইকবাল, সাঃসম্পাদকদ্বয় কবিৰ আহমেদ লস্কৰ আৰু লুৎফুৰ ৰহমানৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত বাকী থকা আন দুজন অভিযুক্তক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু  বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে আৰক্ষীয়ে অভিযুক্ত কেইজন ন্যায়িক জিম্মাত থকা অৱস্থাতে আদালতত অভিযোগনামা দাখিলৰ দাবী তোলে ৷

ইফালে সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ আজি ডবকা আৰক্ষী থানাত উপস্থিত হয় মধ্য অসম আৰক্ষী চক্ৰৰ উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে' আৰু হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন৷ তেওঁলোকে ধৰ্ষণকাণ্ডৰ সাক্ষী অভিযুক্তৰ ভিনিয়েকক লগত লৈ দীঘল জাৰুণী গাঁৱৰ ঘটনাস্থলি পৰিদৰ্শন কৰে৷ তাত থকা স্থানীয় লোকৰ লগতো আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে কথা পাতে৷

পাছত ডবকা আৰক্ষী থানাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে উপস্থিত সাংবাদিকৰ লগতো এক বাৰ্তালাপত মিলিত হয়৷ সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত আৰক্ষী উপ মহাপৰিদৰ্শকৰ গৰাকীয়ে কয় যে ডবকা আৰক্ষী থানাত ৰুজু হোৱা ১১৭/১৯ নম্বৰৰ গোচৰত ইতিমধ্যে তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ বাকী থকা আন দুই অভিযুক্তক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব৷ লগতে এই ভিডিঅ' ভাইৰেল কৰা সকলোকো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব৷

লগতে বৰ্তমানে ভূক্তভোগী যুৱতী গৰাকীকো আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হৈছে৷ উল্লেখ্য যে ধৰ্ষণকাণ্ডৰ লগত জড়িত গোলাপ হুছেইন, দিলোৱাৰ হুছেইন আৰু শ্বহীদ আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে৷ ফয়জুৰ ৰহমান নামৰ লোকজনক সোধপোচৰ বাবে আটক কৰিছিল৷ ধৰ্ষণকাণ্ডৰ লগত জড়িত থকা আন দুজন অভিযুক্ত আলিম উদ্দিন আৰু আব্দুল মতিন পলাতক হৈ আছে৷ আজি ডবকা আৰক্ষীয়ে গোলাপ হুছেইন, দিলোৱাৰ হুছেইন আৰু শ্বহীদ আহমেদক হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰাই চাৰি দিনৰ বাবে নিজৰ জিম্মাত লয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।