বিশিষ্ট সমাজকৰ্মী গোপাল তালুকদাৰৰ পৰলোক প্ৰাপ্তি

 04/26/2019 - 12:07

গুৱাহাটীঃ মহানগৰীৰ অম্বিকাগিৰী নগৰৰ বিশিষ্ট সমাজকৰ্মী গোপাল তালুকদাৰৰ বৃহস্পতিবাৰে নিশা আকস্মিকভাৱে মৃত্যু ঘটে।

অসম আৰক্ষীৰ উপ-আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা তালুকদাৰ আছিল অঞ্চলটোৰ সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত এগৰাকী আগৰণুৱা ব্যক্তি। বাসগৃহত বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক জিএনআৰচি হাস্পতাললৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

৭৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা তালুকদাৰ আছিল অসম আৰক্ষীৰ এগৰাকী সৎ বিষয়া। মৃত্যুৰ সময়ত তেখেতে এগৰাকী কন্যা আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে।

উল্লেখযোগ্য যে, তেখেতৰ একমাত্ৰ পুত্ৰ মৃণাল তালুকদাৰ পশ্চিম কাৰ্বিআংলং জিলাৰ আৰক্ষী অধীক্ষক। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে শোক ব্যক্ত কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।